Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 27:23

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;

অধ্যায়টো চাওক কপি কৰক

41 পৰস্পৰ সংযোগসমূহ  

হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।

কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।

তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।

এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।

মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; তেওঁ লিলি ফুলৰ মাজত চৰে।

মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা:

হে যাকোব, আৰু ইস্ৰায়েল, এই বিষয়ে চিন্তা কৰা; কাৰণ তুমি মোৰ দাস: মই তোমাক নিৰ্মাণ কৰিলোঁ; তুমি মোৰ দাস; হে ইস্ৰায়েল মই তোমাক নাপাহৰিম।

এজনে ক’ব, মই যিহোৱাৰেই, আনজনে নিজকে যাকোবৰ বুলি ক’ব, আৰু আন এজনে ‘মই যিহোৱাৰ হ’য়’এই বুলি নিজৰ হাতত লিখিব, আৰু ইস্ৰায়েলৰ নামেৰে জনাজাত হ’ব।”

“কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।

তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।

পবিত্ৰ মেৰ-ছাগৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ মেৰ-ছাগৰ জাকৰেই দৰেই ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’।”

ইয়াৰ উত্তৰ যদি আছে, তেনেহ’লে মহাৰাজ, আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ, আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে।

তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, “হে সৰ্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো ওলাই আহাঁ; ইয়ালৈ আহাঁ!” তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল।

তেতিয়া নবূখদনেচৰে ক’লে, “চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।

তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাতত পেলোৱা হ’ল। ৰজাই দানিয়েলক ক’লে, “তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।”

তেওঁ গাতৰ ওচৰ পাই দুখেৰে দানিয়েলক মাতিলে। ৰজাই দানিয়েলক ক’লে, “হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যি জনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলে নে?”

মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।”

আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”

বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।

কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।

কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷

এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”

প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;

তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”

কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে,

পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷

মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি;

কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,

কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন।

কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।

কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।

মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে, সেই জন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ,

প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ,

কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালোঁ।

মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷

আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।

সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?

মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন