Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 27:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই বন্দৰটো শীতকালত থাকিবৰ বাবে বেছি সুবিধাজনক নোহোৱাত, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে থকা ক্ৰীতীৰ ফৈনীক বন্দৰ যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে শীত কালৰ সময়খিনি থাকিবৰ আশাৰে বেছি ভাগ নাবিকে তালৈ যাবলৈ ওলোৱা বিষয়টোত মত দিলে৷

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।

ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ আচৰিত কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত

পাছত দক্ষিণৰ বতাহ অলপ বলিবলৈ ধৰাত, তেওঁলোকৰ অভিপ্ৰায় সিদ্ধ হোৱা বুলি ভাবি, জাহাজ মেলি ক্ৰীতীৰ ওচৰেদি যাবলৈ ধৰিলে৷

তাতে তেওঁলোকে কেইবাদিনো লঘোনে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “হে লোকসকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেঁতেন৷

এনেদৰে বহু দিন লাহে লাহে গৈ, কোনো প্ৰকাৰে ক্লীদৰ ওচৰ পালোঁ, তাতে বতাহে আমাক বাধা দিয়াত আগুৱাই যাব নোৱাৰি, ক্ৰীতী দ্ৱীপৰ সুৰক্ষিত এলেকাৰ কাষে কাষে চল্‌মোনীৰ সন্মুখেদি আহি,

কোনো প্ৰকাৰে সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ; এই ঠাইৰ ওচৰত লাচেয়া নগৰ আছিল৷

তেওঁলোকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, যে “ক্ৰীতীৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাতভাৰী।”

অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন