Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 26:15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া মই সুধিলো, ‘হে প্ৰভু, আপুনি কোন?’ তেতিয়া প্ৰভুৱে ক’লে, ‘যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা তোমালোকে বুজি পাবা। হাৰোণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে।”

তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।

তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’।

তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান’;

এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পাছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হ’বৰ বাবে তোমাক দাস ৰূপে মনোনীত কৰিবলৈ মই দর্শন দিলোঁ;




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন