যেতিয়া আগ্ৰিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে।
তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা; মই মোৰ হাত মেলিলোঁ, কিন্তু কোনেও মনযোগ নিদিলা।
যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
এই হেতুকে চোৱা,মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালোঁ আৰু তোমাৰ বেশ্যা চাবৰ কাৰণে লাজ পোৱা, তোমাক ঘিণ কৰা পলেষ্টীয়াসকলৰ জীয়াৰীসকলৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলোঁ।
“প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে, আমাৰ বিধানে জানো তেওঁক দোষী কৰে?”
হে ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিম, সেই বিষয়ে শুনকচোন৷
তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।
কিয়নো কোনো বন্দীয়াৰক পঠাওঁতে, তেওঁৰ অহিতে দিয়া অপবাদ নজনোৱাতো, মই অযুক্তিকৰ যেন দেখো।”
তেওঁ ক’লে, “হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷
কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷”