Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 25:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গতিকে, তেওঁ ক’লে, “যদি সেই মানুহৰ কোনো দোষ আছে, তেনেহলে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তেওঁৰ ওপৰত গোচৰ কৰক৷”

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, “হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়।

পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”

আপুনি যেতিয়া সোধ-বিচাৰত পৌলক প্ৰশ্ন কৰিব, তেতিয়া আমি যি যি অপবাদ এওঁক দিছোঁ, সেই বিষয়ে সকলো বুজিব পাৰিব৷”

তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।

কিন্তু মই জানিব পাৰিলোঁ, এওঁ প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই; আৰু এওঁ নিজে ৰাজাধিৰাজৰ ওচৰত আপীল কৰাৰ বাবে মই পঠাবলৈ নিশ্চয় কৰিলোঁ৷

কিন্তু ফীষ্ট তেওঁলোকক উত্তৰ দিলে, যে পৌলক চীজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব।

পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চীজাৰিয়ালৈ গুচি গ’ল৷ পাছদিনা তেওঁ বিচাৰৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন