Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 24:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাত এওঁলোকে মন্দিৰত বা নাম-ঘৰত বা নগৰতেই হওক, কোনো ব্যক্তিৰ সৈতে মোক বাদ-বিচাৰ বা লোক সকলক উচটাই উত্তেজিত কৰি অশান্তি সৃষ্টি কৰাও কোনেও দেখা নাই;

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল।

আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”

এতিয়া সেই কার্যতেই এচিয়াৰ কিছুমান ইহুদী লোকেহে মোক যিৰূচালেম মন্দিৰত শুচিকৃত উৎসৱত পালে; মোৰ লগত আন কোনো ব্যক্তিও নাই, কিন্তু এখেত সকলেহে হুৰামুৰা লগালে।

কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ অগ্ৰণী৷

তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক’ব ধৰিলে, “ইহুদী সকলৰ বিধানৰ, বা মন্দিৰৰ, বা চীজাৰৰ বিৰুদ্ধ মই একো পাপ কৰা নাই।”

পাছত তিন দিনৰ মূৰত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ ক’লে, “হে ভাইসকল, মই মোৰ জাতিৰ নাইবা পূর্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ ৰোমীয়া লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছিলো৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন