পাছত মই সুধিলোঁ, ‘প্ৰভু, মই কি কৰিব লাগিব’? প্ৰভুৱে মোক ক’লে, ‘উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ’ব৷’
এই হেতুকে মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠালোঁ৷ আপুনি যে এতিয়া আহি পালে, ভাল কৰিলে৷ এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে, সেই সকলো বিষয় শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছোঁ৷”
তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্ৰাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?”
এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”
সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ, সেয়েহে সঙ্গীসকলৰ হাতত ধৰি দম্মেচকলৈ গ’লো৷
কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।”