এতেকে কি হব? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে।
তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
সভাত গণ্ডগোল হোৱাত বেলেগ বেলেগ কথাৰে চিঞৰি আছিল আৰু কি কাৰণে গোট খাইছিল, সেই বিষয়ে সৰহ ভাগ মানুহে নাজানিলে।
কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰি জন মানুহ আছে;
তেনেহলে আমি কি কৰা উচিত? অামি আত্মাৰে প্ৰাৰ্থনা কৰিম নে, মনৰে প্ৰার্থনা কৰিম? আমি আত্মাৰে গীত গাম নে, মনেৰে গীত গাম?