তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
তেতিয়া সেই তিনি জন পৰাক্ৰমী পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যদল ভেদ কৰি বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ কাষলৈ গ’ল, আৰু তাৰ পৰা পানী তুলি লৈ দায়ূদৰ ওচৰলৈ আহিল। কিন্তু দায়ূদে তাক পান কৰিবলৈ ইচ্ছা নকৰি যিহোৱাৰ উদ্দেশ্যে ঢালি দিলে।
বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা, আৰু দৰিদ্রসকলৰ মুখ পিহিলা?
বাবিললৈ বন্দী কৰি লৈ যোৱা যিৰূচালেমৰ আৰু যিহূদাৰ লোকসকলৰ মাজত যিৰিমিয়াক নবুজৰদান ৰক্ষক-সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত যিহোৱাৰ পৰা যি বাক্য আহিছিল, সেই বাক্য।
“ইস্ৰায়েল দেশৰ যোজনা যে তোমালোকে দিয়া, তাৰ অৰ্থ কি? আৰু এইবুলি কোৱা, ‘বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খাই কিন্তু তেওঁলোকৰ পুত্রসকলৰ দাঁত টেঙায়?’
তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি ক’লে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ’ব।”
কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷
পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।
কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”
হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু-মুখত আছোঁ।
কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।
কিয়নো তেখেত নৰিয়াত পৰা বাৰ্তা আপোনালোকে শুনিলে, তেওঁ আপোনালোকৰ কাৰণে অতিশয় হাবিয়াহ কৰিছিল আৰু তেওঁ বৰ উদিগ্ন হৈছিল।
এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ।
কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে।
কিয়নো মই জানো যে, শীঘ্রেই মই মোৰ তম্বু গুচাম; আমাৰ প্রভু যীচু খ্রীষ্টই ইয়াকে মোক জনালে।
তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম।
তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”
চমূৱেলে ক’লে, “তেন্তে মোৰ কাণত মেৰ আৰু ছাগলীৰ বেবেনি হৈছে কিয়? আৰু গৰুৰ হেম্বেলনি মই শুনিছোঁ, কিয়?”