Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 2:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।

অধ্যায়টো চাওক কপি কৰক

23 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।

তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷

ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!

তোমালোকে শস্য দোৱাৰ উৎসৱ, অৰ্থাৎ পথাৰত যি গুটি সিঁচিলা, সেই পৰিশ্রমৰ প্ৰথম ফলৰ উৎসৱ পালন কৰিব লাগিব; আৰু বছৰৰ শেষত তোমালোকে উৎপন্ন কৰা খেতিৰ ফল চপোৱা সময়ত, ফল চপোৱা উৎসৱ পালন কৰিব লাগিব।

তোমালোক সপ্তাহৰ পৰ্ব্ব পালন কৰিবা। ঘেঁহু কটাৰ প্ৰথম ফল এই পৰ্ব্বত ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱাৰ পৰ্ব্ব পালন কৰিবা।

মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।

তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।

যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।”

কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”

তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;

কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।

এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিৱী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।

এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে।

বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।

পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল।

এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷

তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;

মই যদি আপোনালোকক চাবলৈ যাওঁ, নাইবা অনুপস্থিতো থাকো, তথাপি আপোনালোকে যে এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, সেই বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক, এয়ে মাত্ৰ মোৰ নিবেদন।

তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন