চীল আৰু তীমথিয় মাকিদনিয়া দেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ঘোষণা কৰিলে আৰু ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’, তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লো, সহি আৰু থকিব নোৱাৰোঁ।
এই হেতুকে মই যিহোৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ; মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুসকলৰ ওপৰত, আৰু ডেকাসকলৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্য্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকৰ সৈতে বৃদ্ধ, সকলোকে ধৰা যাব।
এইদৰে আত্মাই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলোঁ, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।
কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ’ব লাগে, আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছোঁ!
তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷
তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে, তোমালোকেও সাক্ষ্য দিবা।”
মই কৈছিলোঁ যে ‘মই খ্রীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে’ এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা।
জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হবলৈ ঈশ্বৰে যি জনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷
তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
তাৰ পাছত পৌল দর্বী আৰু লুস্ত্ৰা চহৰলৈ গ’ল। তাতে তীমথিয় নামৰ এজন খ্রীষ্টৰ শিষ্য আছিল। তীমথিয়ৰ মাতৃ আছিল এগৰাকী যিহুদী খ্রীষ্টীয় বিশ্বাসীনী মহিলা আৰু পিতৃ গ্রীক লোক আছিল।
তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো।
নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”
তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে।
এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।
কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।
কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।
কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।
কিয়নো আমাৰ দ্বাৰাই, অৰ্থাৎ মোৰ, চীলৰ আৰু তীমথিয়ৰ দ্বাৰাই আপোনালোকৰ আগত যি জনৰ কথা প্রচাৰ কৰা হৈছিল, সেই জনা ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট বাবে, ‘হয়’ পাছত ‘নহয়’ এনে নহয়; কিন্তু তেওঁত চিৰকাল ‘হয়’হে হয়।
আৰু আপোনালোকৰ লগত থাকোঁতে, যেতিয়া মোৰ নাটনি হৈছিল, তেতিয়া মই আপোনালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিলোঁ; কিয়নো ভাই সকলে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱৰ সময়ত সহায় কৰিলে; আৰু কোনো বিষয়তে আপোনালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ; আৰু মই নিজকে এনেদৰেই ৰাখিম।
কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷
কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম!
সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ,
কিন্তু তীমথিয়ই আপোনালোকৰ ওচৰৰ পৰা ঘূৰি আহি আপোনালোকৰ বিশ্বাস আৰু ভালপোৱাৰ শুভ সংবাদ আমাক দিলেহি; তেওঁ জনালে যে, আপোনালোকে আমাক স্নেহভাৱেৰে সকলো সময়তে সোঁৱৰণ কৰি আছে৷ আমাক দেখা পাবলৈ যেনেকৈ আপোনালোকে ইচ্ছা কৰে, তেনেকৈ আমিও আপোনালোকক চাবৰ কাৰণে অতিশয় হাবিয়াহ কৰি আছোঁ।
মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক৷