Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 18:19

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ইয়াৰ পাছত তেওঁলোক যেতিয়া ইফিচ নগৰ পালে, প্ৰিষ্কিলা আৰু আক্কিলাক তাতে থাকিবলৈ দি পৌলে নিজে নাম-ঘৰত সোমাই ইহুদী সকলে সৈতে বাদ-বিচাৰ কৰিলে।

অধ্যায়টো চাওক কপি কৰক

21 পৰস্পৰ সংযোগসমূহ  

তাতে আৰু কিছুদিন থাকিবলৈ তেওঁলোকে পৌলক অনুৰোধ কৰিলে, কিন্তু তেওঁ অমান্তি হল।

“ঈশ্বৰৰ ইচ্ছা হলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম৷” এই বুলি কৈ, সাগৰীয় পথেদি ইফিচলৈ যাবৰ বাবে জাহাজেৰে যাত্ৰা কৰিলে।

সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল।

প্রত্যেক বিশ্রামবাৰে পৌলে নাম-ঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।

আপল্লো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিচ চহৰ পালেহি; তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে৷

পাছত ইফিচত নিবাস কৰা ইহুদী আৰু গ্ৰীক সকলে এই কথা শুনি সকলোৱে ভয় পালে আৰু প্ৰভু যীচুৰ নাম মহিমান্বিত হ’ল।

কিন্তু ‘যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়’ পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াত বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে।

এই কথা শুনি, তেওঁলোকে খঙত জ্বলি উঠি ৰিঙিয়াই কলে, “ইফিচীয়া সকলৰ আর্ত্তেমী মহান।”

পাছত নগৰৰ কেৰাণী জনে লোক সকলক ক্ষান্ত হবলৈ দি কলে, “হে ইফিচৰ লোক সকল, ইফিচীয়া সকলৰ মহান আর্ত্তেমী দেৱীক আকাশৰ পৰা তললৈ পৰা মূর্তিবোৰৰ মন্দিৰৰ-ৰক্ষক বুলি এই নগৰত থকা লোক সকলৰ মাজত নজনা লোক কোন আছে?

কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।

পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।

কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচীয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল; আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল।

মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।

তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;

মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত এজন পাঁচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুত বিশ্বাস কৰা পবিত্ৰ লোক সকলৰ সমীপলৈ;

মাকিদনিয়ালৈ যোৱাৰ সময়ত মই তোমাক যি কৈছিলোঁ, এতিয়াও সেই বিষয়ে কওঁ তুমি ইফিচতে থাকা, তাতে কিছুমান লোকক পুণৰ ভুল শিক্ষা নিদিবলৈ আদেশ দিব পাৰিবা ৷

তেওঁ যাতে সেইদিনা প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷

তুখিকক ইফিচলৈ পঠালোঁ।

তাতে তেওঁ ক’লে, “তুমি যি দৰ্শন পোৱা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”

ইফিচত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখাঃ “এই সকলো কথা সেই জনৰ, যি জনে নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে; আৰু যি জনে সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা-যোৱা কৰে, তেওঁ এই কথা কয়,




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন