পাছত বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চ নগৰলৈ গ’ল৷
এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।
কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।
যেতিয়া তেওঁ আখায়া দেশলৈ যাব বিছাৰিলে; ভাই সকলে উৎসাহ দি তেওঁক আদৰি লবলৈ শিষ্য সকললৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে; তাতে তেওঁ সেই ঠাই পোৱাত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰা সকলক মহৎ উপকাৰ সাধন কৰিলে।
এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।