Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 15:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷’

এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল।

তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷”

কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন