Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



পাঁচনি 1:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল।

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে।

কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা; ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।

তেতিয়া যিহোৱাই মোক ক’লে, “সেই ৰূপ ধন-ভঁৰালত জমা দিয়া, তেওঁলোকৰ বিবেচনাত এয়ে উচিত মূল্য!” তেতিয়া মই সেই ত্ৰিশ চেকল ৰূপ লৈ যিহোৱাৰ গৃহত কুমাৰৰ আগত জমা দিলোঁ।

কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”

পাছে মোৱাবৰ বৃদ্ধসকলে আৰু মিদিয়নৰ বৃদ্ধসকলে মঙ্গল চোৱাৰ বেচ হাতত লৈ প্ৰস্থান কৰিলে। আৰু তেওঁলোকে বিলিয়মৰ ওচৰ পাই বালাকৰ কথাবোৰ তেওঁক ক’লে।

তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি, এজনক এক গাগৰি, এইদৰে প্ৰতিজনক যোগ্যতা অনুসাৰে ধন দি যাত্ৰা কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন