কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল।
হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান।
হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান।
তেওঁ বাৰশ ৰথ আৰু ষাঠী হাজাৰ অশ্বাৰোহী লগত লৈ আহিছিল৷ তেওঁৰ লগত মিচৰৰ পৰা লুবীয়া, চুক্কীয়া আৰু কুচীয়া লোকসকল অসংখ্যৰূপে আহিছিল।
কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল।
কুচদেশ তেওঁলোকৰ আশা আৰু মিচৰ দেশ তেওঁলোকৰ গৌৰৱ সেই কাৰণে তেওঁলোক আতঙ্কিত আৰু লজ্জিত হ’ব।
হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা: বীৰসকল ঢালধাৰী কুচ আৰু পূট আৰু ধনুৰ্দ্ধৰ ও ধনুত জোঁৰ দিয়া লুদীয়া লোকসকল বাহিৰ ওলাওঁক।
পাৰস্য, লুদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা! তেওঁলোকে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল; তেওঁলোকে তোমাক সুশোভিতা কৰিছিল!
যেতিয়া তেওঁলোকে তোমালোকক খামোচ মাৰি ধৰিছিল, তেতিয়া তোমালোকে তেওঁলোকক ভাঙিলা আৰু সকলোৰে কান্ধ ফালিলা; আৰু যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত ভৰ দিছিল, তেতিয়া তুমি তেওঁলোকৰ ভৰি ভাগিলা আৰু তেওঁলোকৰ সকলোৰে কঁকালৰ জোৰা লৰাই তেওঁলোকক অচল কৰিলা।
কুচ, পূট, লুদ, মিহলি থকা আটাই লোক সমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
“হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
তেওঁলোকৰ লগত পাৰস্য, কুচ আৰু পূট আছে; তেওঁলোক আটাইবোৰ ঢাল লোৱা, আৰু শিৰোৰক্ষক টুপি পিন্ধা।
মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবীয়া আৰু কুচীয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব।