Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



নহি 7:64

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলৰ সকলো বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল। তেওঁলোকে ইস্ৰায়েলৰ ৰজাসকলৰ পুস্তকত এই বংশাৱলীবোৰ লিপিৱদ্ধ কৰি ৰাখিছিল। যিহূদাৰ লোকসকলক নিজৰ পাপৰ কাৰণে বাবিললৈ বন্দী কৰি নিয়া হৈছিল।

হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক; কাৰণ তেওঁলোকে পুৰোহিত পদ, পুৰোহিত-পদৰ আৰু লেবীয়া সকলৰ নিয়ম কুলষিত কৰিলে।

প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।

পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।

আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।

তেতিয়া লোকসকলক দোষত পেলোৱাকৈ পাপ কৰা জন যদি অভিষিক্ত পুৰোহিত হয়, তেন্তে তেওঁ নিজে কৰা পাপৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা নিঘূণ দমৰা ষাঁড়-গৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন