Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



নহি 6:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আমাৰ সকলো শত্রুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে, আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে। কিয়নো তেওঁলোকে জানিবলৈ পালে যে, এই কাম ঈশ্বৰৰ সহায়ৰ দ্ৱাৰাই সিদ্ধ হ’ল।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলৰ লোকসকলক সহায় কৰিবলৈ কোনো এজন ব্যক্তি আহি থকা কথা যেতিয়া, হোৰোণীয়া চনবল্লট আৰু অম্মোনীয়া টোবিয়া দাসে শুনিলে, তেতিয়া তেওঁলোকে অতিশয় বেজাৰ পালে।

তাৰ পাছত চনবল্লটে যেতিয়া আমি দেৱাল নিৰ্ম্মাণ কৰাৰ কথা শুনিলে তেতিয়া তেওঁ ক্রোধত প্রজ্ৱলিত হৈ যিহুদীসকলক বিদ্ৰূপ কৰিলে।

যিৰূচালেমৰ দেৱাল মেৰামত কৰা কাম চলি আছে, আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে, ইয়াকে শুনি চনবল্লট আৰু টোবিয়াই, আৰু আৰবীয়া, অম্মোনীয়া, আৰু অচ্‌দোদীয়াৰ লোকসকল অতিশয় ক্ৰোধাম্বিত হ’ল।

সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।

তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত; হে যিহোৱা, তুমিয়েই এই সকলো কার্য কৰিলা।

তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”

যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।

যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।

যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”

আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতি সমূহে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”

নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই, ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য নাই। এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব, ‘চোৱা ঈশ্বৰে কেনে কাৰ্য কৰিলে!’

এতিয়া মই আপোনালোকক কওঁ, এই লোক সকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেনেহলে ই ব্যর্থ হব৷

এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷

আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷

পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন