Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



নহি 3:14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

বৈৎহক্কেৰম জিলাৰ শাসনকৰ্তা ৰেখবৰ পুত্ৰ মল্কিয়াই গোবৰ-দুৱাৰ মেৰামতি কৰিলে। তেওঁ তাক সাজিলে আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে।

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

চৌলৰ পুত্ৰৰ দুজন সৈন্যবৰ্গৰ দলপতি আছিল৷ এজনৰ নাম বানা আৰু আন জনৰ নাম ৰেখব; তেওঁলোক বিন্যামীনৰ বংশৰ বেৰোতীয়া ৰিম্মোনৰ পুত্ৰ; কিয়নো বেৰোতা বিন্যামীনৰ আধিপত্যৰ মাজৰো এজন বুলি গণিত হৈছিল

সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।

চিমিয়া আছিল মীখায়েলৰ পুত্র। মীখায়েল আছিল বাচেয়াৰ পুত্র। বাচেয়া আছিল মল্কিয়াৰ পুত্র।

তাৰ পাছত যিহূদাত থকা মোৰ মুখ্য লোকসকল গড়ৰ ওপৰলৈ গ’ল, আৰু মই ধন্যবাদ প্রাৰ্থনাৰ বাবে এটা ডাঙৰ গায়ক দল নিযুক্ত কৰিলোঁ। এটা দল গড়ৰ ওপৰত সোঁফালে গোবৰ-দুৱাৰলৈ গ’ল।

মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ, যিৰূচালেমৰ ভগা দেৱাল আৰু জুয়ে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাগ নাদ আৰু গোবৰ-দুৱাৰলৈকে গ’লোঁ।

তেওঁলোকৰ পাছত হুৰৰ পুত্ৰ ৰফায়াই মেৰামতি কৰিলে। তেওঁ যিৰূচালেম জিলাৰ আধা অংশত শাসন কৰিছিল।

“হে বিন্যামীনৰ সন্তান সকল, তোমালোকে যিৰূচালেমৰ মাজৰ পৰা ৰক্ষাৰ পাবৰ বাবে পলোৱা, আৰু তকোৱাত শিঙা বজোৱা। আৰু বৈৎহক্কেৰমত এক নিচান তোলা; কিয়নো উত্তৰ ফালৰ পৰা এক অমঙ্গল আৰু মহাসংহাৰে দেখা দিছে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন