যোয়াকীমৰ দিনত পুৰোহিত এওঁলোক, এওঁলোক পিতৃ-পৰিয়ালৰ মূখ্য লোক আছিল: চৰায়াৰ মূখ্য লোক মৰায়া, যিৰিমিয়াৰ মূখ্য লোক হননিয়া,
তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা।
ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল।
যদ্দুৱাৰ পিতৃ যোনাথন, আৰু যোনাথনৰ পিতৃ যোয়াদা আছিল।
ইজ্ৰাৰ মূখ্য লোক মচুল্লম, অমৰিয়াৰ মূখ্য লোক যিহোহানন,
ইলিয়াচীবৰ দিনত লেবীয়া সকল, ইলিয়াচীব, যোয়াদা, যোহানন, আৰু যদ্দুৱা, এওঁলোক পৰিয়ালৰ মূখ্য লোক বুলি লিপিৱদ্ধ কৰা হৈছিল। পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ত্বৰ সময়ত পুৰোহিত সকলৰ নাম লিপিৱদ্ধ কৰা হৈছিল।