Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



নহি 10:30

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আমি প্রতিজ্ঞা কৰোঁ যে, আমি আমাৰ ছোৱালীক আন দেশৰ লোকলৈ বিয়া নিদিওঁ আৰু আমাৰ পুত্রৰ বাবেও আন দেশৰ ছোৱালী বিয়া কৰাই নানো।

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।

স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।

পাছত ৰজাই নিজৰ ঠাইত থিয় হৈ যিহোৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে আৰু সকলো প্ৰাণেৰে, তেওঁৰ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ যিহোৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে।

যিসকলৰ নাম মোহৰ মৰা আছিল, তেওঁলোক হ’ল: হখলিয়াৰ পুত্ৰ নহিমিয়া, তেওঁ দেশাধ্যক্ষ আছিল, পুৰোহিত চিদিকিয়া,

সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচ্‌দোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।

তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”

সেই কাৰণে মই সকলো বিদেশী বস্তুৰ পৰা তেওঁলোকক শুচি কৰিলোঁ, আৰু প্ৰতিজনৰ কাৰ্য অনুসাৰে পুৰোহিত আৰু লেবীয়া সকলৰ দায়িত্ব সু-দৃঢ় কৰিলোঁ।

তেতিয়া তেওঁলোকে ক’লে, “আমি তেওঁলোকৰ পৰা যিবোৰ লৈছোঁ সেইবোৰ ওভটাই দিম, আৰু তেওঁলোকৰ পৰা একো নিবিচাৰোঁ। আপুনি কোৱাৰ দৰেই আমি কৰিম।” তাৰ পাছত মই পুৰোহিতসকলক মাতি আনিলোঁ, আৰু তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰে কৰিবলৈ তেওঁলোকক শপত খুৱালোঁ।

তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ।

সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।

আপোনালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু আপোনালোকৰ ছাউনিত বাস কৰা আপোনালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।

নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিব; আপোনালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিব, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন