মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।
তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে।
বোলে, “যিহোৱাই এইদৰে কৈছে: তুমি যিহোৱাৰ গৃহৰ চোতালত থিয় হোৱা, আৰু যিহোৱাৰ গৃহত প্ৰণিপাত কৰিবলৈ অহা যিহূদাৰ সকলো নগৰৰ লোকসকলক, মই তোওঁলোকক ক’বলৈ তোমাক আজ্ঞা দিয়া সকলো বাক্য কোৱা, এটি কথাও নোকোৱাকৈ নাথাকিবা।
কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনোৰূপে লুপ্ত নহব।
তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
ইস্রায়েলীয়াসকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰ হ’ল। সেই বছৰৰ এঘাৰ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েলীয়া সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।
মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।
যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়,
মই, মোচিয়ে আপোনালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ, এই ব্যৱস্থা যাকোবৰ বংশধৰসকলৰ বাবে এক উত্তৰাধিকাৰ।
সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে।
সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে।
মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকিব!
এতেকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব।
মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা।
ইস্ৰায়েলৰ গোটেই সমাজৰ আগত, লগত মহিলাসকল, সৰু সৰু লৰা-ছোৱালীসকল আৰু তেওঁলোকৰ মাজত থকা বিদেশীসকলৰ আগত মোচিয়ে আজ্ঞা কৰা সেই সকলো বাক্যৰ এটি কথাও যিহোচূৱাই পাঠ নকৰাকৈ নাথাকিল।