যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।
এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।
কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
মোৰ গৃহত মোৰ প্রিয়াৰ কি কাৰ্য, কিয়নো তাই অনেক লোকে সৈতে ব্যভিচাৰ কৰিলে? আৰু তোমাৰ পৰা পবিত্ৰ মাংস গ’ল; যেতিয়া তুমি দুষ্কৰ্ম কৰা, তেতিয়া তুমি উল্লাস কৰি থাকা।
ৰক্ষক-সেনাপতিয়ে যিৰিমিয়াক গ্ৰহণ কৰি ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই এই ঠাইৰ বিষয়ে এই অমঙ্গলৰ কথা কৈছিল,
তেওঁ নিজ তম্বু বাৰীৰ টঙি ধংস কৰাৰ দৰে ধংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে।
মই তোমালোকৰ মাজত মোৰ আবাস স্থাপন কৰিম, আৰু মোৰ মনে তোমালোকক ঘিণ নকৰিব।
মই তোমালোকৰ পবিত্র ঠাইবোৰ নষ্ট কৰিম, তোমালোক সুৰ্য্য প্ৰতিমা কাটি পেলাম, আৰু তোমালোকৰ মুৰ্ত্তিবোৰৰ শৱৰ ওপৰত তোমালোকৰ শৱ পেলাম; আৰু মোৰ মনে তোমালোকক ঘিণ কৰিব।
বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যিহোৱাই নিজৰ নামেৰে শপত খাই কৈছে: “মই যাকোবৰ অহংকাৰ আৰু তেওঁৰ দূর্গবোৰ ঘিণ কৰোঁ; সেই বাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম।”
মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ’লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।
এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ।
যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।