দ্বি.বি. 31:17ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে? অধ্যায়টো চাওক |
“আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”