আপোনালোকৰ পূর্ব-পুৰুষসকলৰ দেশলৈকে তেওঁ আপোনালোকক ঘূৰাই আনিব আৰু আপোনালোকে তাক পুনৰ অধিকাৰ কৰিব। তেওঁ আপোনালোকৰ মঙ্গল কৰিব আৰু পূর্বপুৰুষসকলতকৈও আপোনালোকৰ জনসংখ্যা বৃদ্ধি কৰিব।
তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম,’ ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম।
কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।”
আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতি সমূহে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”
আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তেতিয়াহে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।
পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোববক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।”
যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।
তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।