মই আজি আপোনালোকক যি আজ্ঞা দিছোঁ, তাক পালন কৰাটো আপোনালোকৰ কাৰণে কঠিন নহয় বা আপোনালোকৰ সাধ্যৰ বাহিৰতো নহয়।
মই গুপুতে অন্ধকাৰময় কোনো ঠাইত কথা কোৱা নাই; ‘মোক নিৰর্থক ভাবে বিচাৰা,’ এই বুলি মই যাকোবৰ বংশক কোৱা নাই! মই যিহোৱাই, যি আন্তৰিকতাৰে কওঁ, যি সত্য মই তাক ঘোষনা কৰোঁ।
অৱশ্যে তেওঁ এইদৰে কৰিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰে; সকলো মন আৰু সকলো প্রাণেৰে সৈতে আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰে।
এই আজ্ঞা স্বর্গতো ৰখা হোৱা নাই যে, আপোনালোকে ক’ব, “কোনে স্বর্গলৈ গৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?”