Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 29:17

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আপোনালোকে লোকসকলৰ মাজত থকা ঘিণলগীয়া বস্তুবোৰ দেখা পাইছিল; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোকসকলৰ মাজত দেখিছিল।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।

তোমালোকে যেতিয়া মিচৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কনান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা।

আপোনালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু আপোনালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিব, তাৰ বাবে আপোনালোক নিজৰ বিষয়ে সাৱধান হ’ব;

যিহোৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব, যাক আপোনালোকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিব।

আপোনালোকে নিজেই জানে, মিচৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি।

সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন