Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 28:36

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব, যাক আপোনালোকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিব।

অধ্যায়টো চাওক কপি কৰক

31 পৰস্পৰ সংযোগসমূহ  

নগৰত বাকী থকা লোকসকল আৰু যি সকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোকে দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে বন্দী কৰি লৈ গ’ল।

বেবিলনৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহূদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ’ল।

এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।

পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক লৈ যিৰূচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।

এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।

আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিলললৈ লৈ গ’ল৷ তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে, সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল৷

তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবূখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে।

আপোনাৰ ঔৰসত যি যি পুত্রসকল জন্ম হ’ব, তেওঁলোকৰ আপুনি পিতৃ তুল্য হ’ব; তেওঁলোকে তেওঁলোকক লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজ গৃহত নপুংসক দাস হ’ব।”

তেতিয়া শত্রুৱে সৈতে তুমি নজনা দেশলৈ সেইবোৰ নিয়াম, কিয়নো মোৰ ক্ৰোধাগ্নি জ্বলিছে, সেয়ে তোমালোকৰ ওপৰত জ্বলি থাকিব।

এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।

পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।

এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগদানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম।

চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাইৰ ৰজা আৰু ৰাজকুমাৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই। আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।

আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”

“মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম।

হে ইস্ৰায়েল-বংশ, প্ৰভু যিহোৱাই এইদৰে কৈছে: “তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্রতিমাবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্রতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা।

তাৰ পাছত যিহোৱাই পৃথিবীৰ ইমুৰৰ পৰা সিমুৰলৈকে জাতিবোৰৰ মাজত আপোনালোকক সিচঁৰিত কৰিব; আপোনালোকে সেই ঠাইত আপোনালোকৰ বা আপোনালোকৰ পূর্ব-পুৰুষসকলৰ অজানা কাঠৰ আৰু শিলৰ আন দেৱ-মূর্তিৰ সেৱা-পূজা কৰিব।

আপোনালোকে লোকসকলৰ মাজত থকা ঘিণলগীয়া বস্তুবোৰ দেখা পাইছিল; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোকসকলৰ মাজত দেখিছিল।

যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।

সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।

কিন্তু তোমালোকে যদি বেয়া আচৰণ কৰা, তেন্তে তোমালোক আৰু তোমালোকৰ ৰজা উভয়ে বিনষ্ট হ’বা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন