Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 26:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; এই হেতুকে আপোনালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।

অধ্যায়টো চাওক কপি কৰক

17 পৰস্পৰ সংযোগসমূহ  

মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।

তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।

ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;

“আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।

এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব যাতে যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যর্দন নদী অতিক্রম কৰি যাব, সেই ঠাইলৈ গৈ আপোনালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰে আৰু

আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক অধিকাৰৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱনকাল আপোনালোকে এই সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ মানি চলিব।

মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।

আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।

কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।

আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব।

আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।

আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।

আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন