Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 22:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালীজনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়,

অধ্যায়টো চাওক কপি কৰক

4 পৰস্পৰ সংযোগসমূহ  

এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, সিমান বেছিকৈ খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকৰ প্রতি বেয়া ব্যৱহাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল।

তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে।

আৰু সেইবোৰ আপোনালোকৰ আগত কোৱা হ’ল, আৰু আপোনালোকে তাক শুনিলে, এই সকলো আপোনালোকে শুনি সাৱধানতাৰে বিচাৰ কৰিব। ইস্ৰায়েলৰ মাজত তেনে ঘিণলগীয়া কাৰ্য কৰা যদি হৈছে, সেই কথা যদি সঁচা আৰু নিশ্চয় হয়,

সেই পুৰুষৰ পৰা তেওঁলোকে জৰিমনা হিচাবে এশ চেকল ৰূপ আদায় কৰি ছোৱালী জনীৰ বাপেকক দিব, কিয়নো সেই মানুহে এগৰাকী ইস্ৰায়েলীয়া কুমাৰীৰ দুৰ্নাম কৰিলে; তাৰ উপৰিও ছোৱালী জনী তেওঁৰ ভার্যা হৈ থাকিব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন