Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 21:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগকৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যাকোবে ক’লে, “প্রথমে ডাঙৰ ল’ৰা হিচাবে তোমাৰ যি অধিকাৰ আছে, সেয়া আজি মোক বেচা।”

মৰাৰীৰ এজন বংশধৰ হোচাৰ পুত্র সকল: চিম্ৰী এজন নেতা, যদিও তেওঁ প্রথম পুত্র নাছিল, তথাপিও তেওঁৰ পিতৃয়ে তেওঁক নেতৃত্বৰ ভাৰ দিছিল,

যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।

তেওঁলোকৰ পিতৃয়ে প্ৰতিজনকে অধিক সম্পত্তি, অৰ্থাৎ ৰূপ, সোণ, বহুমূল্য বস্তু আৰু যিহূদা দেশত থকা সুসজ্জিত গড়েৰে আবৃত নগৰবোৰ দান কৰিছিল; কিন্তু যিহোৰাম তেওঁৰ জেষ্ঠ্য পুত্ৰ হোৱাৰ বাবে তেওঁক তেওঁৰ ৰাজসিংহাসন দিলে।

কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;

যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;

কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিব। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্মপোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।

শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন