Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 20:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেৱোঁ নিজ ঘৰলৈ উলটি যাওঁক। নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে তাৰ ফল ভোগ কৰিব।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

আন লোক বাস কৰিবলৈ তেওঁলোকে ঘৰ নাসাজিব, আৰু আন লোক ভোগ কৰিবলৈ তেওঁলোকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ লোকসকলৰো আয়ুস সিমান হ’ব, আৰু মোৰ মনোনীত লোকসকলে নিজৰ হাতেৰে কৰা কাৰ্যৰ ফল বহুকাললৈকে ভোগ কৰিব।

তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰুব, আৰু তাৰ ফল ভোগ কৰিব।

তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।

কোন সৈনিকে নিজৰ খৰছত সৈন্য দলত থাকে? যি জনে দ্ৰাক্ষাবাৰী পাতে তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যি জনে পশুৰ জাকক প্ৰতিপালন কৰে, কিন্তু তেওঁ তাৰ গাখীৰ পান নকৰে??

তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, মৰিলে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব।

বিয়াৰ সম্বন্ধ হোৱাৰ পাছত বিয়া নকৰাকৈ থকা কোনো লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে সেই ছোৱালীক বিয়া কৰিব।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন