Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 19:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে এই কথা শুনি বাকী সকলো ইস্রায়েলীয়া লোকে ভয় খাব আৰু এই ধৰণৰ অন্যায় কার্য তেওঁলোকে তেতিয়াৰে পৰা আপোনালোকৰ মাজত পুনৰ কেতিয়াও নকৰিব।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়, আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়।

তাতে ইস্ৰায়েলীয়া সকলে সেই কথা শুনি ভয় খাব আৰু আপোনালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব।

আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে:

তাত সকলো প্ৰজাই তাক শুনি ভয় পাই সেইদৰে আৰু গৰ্ব্ব নকৰিব।

তেওঁক বধ কৰিবলৈ,প্রথমে সাক্ষীসকলে, পাছত সকলো প্ৰজাই তেওঁৰ বিৰুদ্ধে হাত উঠাব। এইদৰে আপুনি তেওঁলোকৰ মাজৰ পৰা দুষ্টতা উৎখাত কৰিব।

তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।

আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন