Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 18:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণলগীয়া কার্য কৰে, আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব।

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;

যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ সন্মুখৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ৰীতি-নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোক চলিছিল।

তাৰ ওপৰি যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা দূৰ কৰা জাতি সমূহৰ ঘিণলগা ৰীতিৰ দৰে, তেওঁ হিন্নোমৰ উপত্যকাত ধূপ জ্বলাইছিল আৰু তেওঁৰ নিজৰ সন্তান সকলক জুইত দগ্ধ কৰিছিল।

বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।

যিহোৱাই এইদৰে কৈছে: তোমালোকে বিভিন্ন জাতিৰ ব্যৱহাৰ নিশিকিবা, আৰু আকাশ-মণ্ডলৰ নানা অদ্ভুত লক্ষণ দেখি ব্যাকুল নহবা; কাৰণ বিভিন্ন জাতিয়েহে সেইবোৰ দেখি ব্যাকুল হয়।

এই হেতুকে তোমালোকৰ পূৰ্বে প্ৰচলিত হোৱা ঘিণলগীয়া ৰীতি-নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা, আৰু তাৰ দ্বাৰাই নিজকে যেন অশুচি নকৰা, এই কাৰণে মোৰ আজ্ঞা পালন কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”

এনে নহওঁক যে যি ঘৃণনীয় কার্য তেওঁলোকে নিজৰ দেৱতাবোৰৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ আপোনালোককো শিকাব। তাতে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিব।

আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত আপোনালোকৰ কোনেও যেন মনতে এনে কথা নকয়, মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।’ আচলতে এইসকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব।

আপোনালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে আপোনালোকৰ তেওঁ আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন