Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 16:15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিব। কিয়নো আপোনালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব, আৰু আপোনালোক সকলোভাৱে আনন্দিত হ’ব।

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

সমবেত হোৱা লোকসকলৰ, যি সকল বন্দী অৱস্থাৰ পৰা ঘূৰি আহিছিল, গৃহ সাজি তাত বাস কৰিলে। কাৰণ নুনৰ পুত্ৰ যেচুৱাৰ দিনৰে পৰা সেই দিনলৈকে ইস্ৰায়েলৰ সন্তান সকলে এই পৰ্ব পালন কৰা নাছিল; সেয়ে অধিক আনন্দ হ’ল।

এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।

কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব।

আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব।

আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।

ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।

আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব; যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।

তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন