Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দ্বি.বি. 12:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিশ্ৰামৰ কাৰণে যি আধিপত্য আপোনালোকক দিবলৈ গৈছে, আপোনালোকে এতিয়াও সেই ঠাইত প্রৱেশ কৰা নাই।

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

“যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইস্ৰায়েলক বিশ্ৰাম দিছে, সেই যিহোৱা ধন্য হওঁক; তেওঁ নিজ দাস মোচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিলে, সেই উত্তম প্ৰতিজ্ঞাৰ এটা বিষয়ো বিফল হ’ব দিয়া নাই।

কাৰণ দায়ূদে কৈছিল, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই, তেওঁৰ লোকসকলক বিশ্ৰাম দিলে, তেওঁ সদাকালৰ বাবে নিজৰ গৃহ যিৰূচালেমত নিৰ্ম্মাণ কৰিলে।

এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”

যিহোৱাই এই কথা কৈছে: যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।

উঠা, আৰু এই ঠাই এৰি যোৱা, অশুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব।

আমি এতিয়া ইয়াত যি যি কাৰ্য কৰিছোঁ, সেইবোৰৰ দৰে আপোনালোকে সেই ঠাইত নকৰিব; প্ৰতিজনে নিজৰ চকুত যি ভাল দেখে তাকে নকৰিব।

এই হেতুকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ স্বৰূপে অধিকাৰ কৰিবলৈ আপোনালোকক দিবলৈ গৈছে, সেই দেশত আপোনালোকৰ চাৰিওফালে থকা সকলো শত্রুবোৰৰ পৰা তেওঁ যেতিয়া আপোনালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়াসকলৰ চিন আপোনালোকে একেবাৰে মছি পেলাব লাগিব। এই কথা আপোনালোকে নাপাহৰিবা।

যিহোৱাই আপোনালোকক জিৰণিৰ ভূমি দিয়াৰ দৰে আপোনালোকৰ ভাইসকলেও যৰ্দ্দনৰ সিপাৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া জিৰণিৰ ভূমি অধিকাৰ নকৰা পর্যন্ত আপোনালোকে তেওঁলোকক সহায় কৰিব লাগিব। তাৰ পাছতহে মই আপোনালোকক দিয়া নিজৰ নিজৰ আধিপত্যলৈ আপোনালোক প্রত্যেকেই ঘূৰি আহিব।”

তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।

এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন