কিয়নো এই যি আজ্ঞাবোৰ মই আপোনালোকক আদেশ দিছোঁ, আপোনালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে, তেওঁৰ সকলো পথত চলে, আৰু তেওঁত লাগি থাকে,
এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব যাতে যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যর্দন নদী অতিক্রম কৰি যাব, সেই ঠাইলৈ গৈ আপোনালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰে আৰু
কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
যদি আপোনালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়ে আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে আপোনালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিব।