Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দানি 8:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এই বিষয়ে চিন্তা কৰি থাকোতে মই দেখিলোঁ যে, পশ্চিম ফালৰ পৰা এটা মতা ছাগলী গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ বেগেৰে দৌৰি আহি আছিল। সেই ছাগলীৰ চকু দুটাৰ মাজত এটা ডাঙৰ শিং আছিল।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব, আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব।

সেই মূৰ্তিটোৰ মুৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, মাজভাগ আৰু কৰঙন পিতলৰ,

আপোনাৰ পাছত, আন এটা ৰাজ্য আহিব, যি আপোনাতকৈ নিকৃষ্ট হ’ব; আৰু তাৰ পাছত পিতলৰ দৰে আন এক তৃতীয় ৰাজ্য আহিব, সেয়ে গোটেই পৃথিৱীত শাসন কৰিব।

তাৰ পাছত মই পুনৰ চালোঁ। তাত আন এটা জন্তু আছিল, সি নাহৰফুটুকী বাঘৰ দৰে। তাৰ পিঠিত চৰাইৰ ডেউকাৰ দৰে চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাৰিটা মূৰ আছিল; তাক শাসনভাৰ দিয়া হৈছিল।

আৰু সেই মতা ছাগলীটো গ্রীচৰ ৰজা; আৰু তাৰ চকু দুটাৰ মাজত থকা ডাঙৰ শিংটো প্ৰথম ৰজা।

দুটা শিং থকা মতা মেৰ-ছাগৰ ওচৰত সেই ছাগলীটো আহিছিল, আৰু মই মেৰ-ছাগটোক নদীৰ সন্মুখত থিয় হৈ থকা দেখিছিলোঁ। সেই ছাগলীটোৱে দৌৰি মেৰ-ছাগৰ ওচৰলৈ গৈ, তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিছিল।

তাৰ পাছত সেই ছাগলীটো অতিশয় ডাঙৰ হ’ল; কিন্তু সি যেতিয়া বলৱান হ’ল তাৰ ডাঙৰ শিংটো ভাগি গ’ল, আৰু তাৰ সলনি আকাশৰ চাৰিদিশৰ বতাহৰ ফালে চাৰিটা ডাঙৰ শিং গজি উঠিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন