মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।
চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল; সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল।
আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
বাকী থকা চাৰিটা জন্তুৰ শাসন কৰা ক্ষমতা সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল; কিন্তু সিহঁতৰ জীৱন কিছুসময়ৰ বাবে বঢ়াই দিয়া হৈছিল।
দানিয়েলে ব্যাখ্যা কৰিলে যে, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমূদ্রৰ ওপৰত মন্থন হৈ আছিল।
সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে।
মই দেখিলোঁ যে, সেই ঠাইত সিংহাসনবোৰ স্থাপন কৰা হৈছিল, আৰু প্রাচীন কালে তেওঁৰ আসনত বহিলে; তেওঁৰ বস্ত্ৰ হিমৰ দৰে বগা আছিল, আৰু তেওঁৰ মুৰৰ চুলি বিশুদ্ধ ঊণৰ দৰে আছিল; তেওঁৰ সিংহাসন অগ্নিশিখাৰ আছিল, আৰু তাৰ চক্ৰবোৰ জলন্ত জুইৰ আছিল।
মই দানিয়েলে যেতিয়া এই দৰ্শন পাইছিলোঁ, তেতিয়া মই তাক বুজিবলৈ চেষ্টা কৰিছিলোঁ; আৰু সেই ঠাইত মানুহৰ দৰে এজন লোক মোৰ সম্মুখত থিয় হৈছিল।
মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব।
যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।
“যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷
যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।”
তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।
যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”
তেতিয়া তেখেত সকলে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।
তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।
কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”
পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে।
তাতে লোক সকলে তেওঁক উত্তৰ দি কলে, “আমি বিধান-শাস্ত্ৰত শুনিছোঁ, খ্ৰীষ্ট চিৰকাল থাকিব; তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰ নো কোন’?”
যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ।
স্তিফানে ক’লে, “চাওক, মই স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ।”
তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।
যি জন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।
আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখা পালোঁ; তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা।
আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে।
চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ৷ তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাচি আছিল।