দানি 4:19ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তেতিয়া বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ’ল, আৰু চিন্তাত ব্যাকুল হ’ল। ৰজাই ক’লে, “হে বেলটচচৰ, সেই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক।” বেলটচচৰে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰা সকল আৰু আপোনাৰ শত্রুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক। অধ্যায়টো চাওক |
ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক বধ কৰিছিল, আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল, আৰু যি সকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল।