Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দানি 2:25

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গ’ল আৰু ৰজাক ক’লে, “দেশান্তৰিত যিহূদীসকলৰ মাজত মই এইজন মানুহ পালোঁ, যি জনে ৰজাৰ সপোনৰ ফলিতা ক’ব।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ফৰৌণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁক যেতিয়া বেগাই উলিয়াই দিয়া হ’ল; তেতিয়া তেওঁ মূৰ খুৰালে আৰু কাপোৰ সলাই ফৰৌণৰ সন্মুখলৈ আহিল।

“প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।

মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।

তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।

তেওঁলোকৰ মাজত যিহূদা-বংশৰ দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াও আছিল।

তাৰ পাছত দানিয়েলক ৰজাৰ ওচৰলৈ অনা হ’ল, ৰজাই দানিয়েলক ক’লে, “মোৰ পিতৃ মহাৰাজে যিহূদা দেশৰ পৰা অনা দেশান্তৰিত যিহূদী লোকসকলৰ মাজত যি দানিয়েল আছিল, সেই দানিয়েল আপুনিয়ে নে?

তেতিয়া তেওঁলোকে ৰজাৰ আগত উত্তৰ দি ক’লে, “হে মহাৰাজ, দেশান্তৰিত যিহুদীসকলৰ মাজত যি দানিয়েল, তেওঁ আপোনাক, বা আপুনি চহী কৰা আজ্ঞাক নামানে। তেওঁ নিজৰ ঈশ্বৰক প্ৰতিদিনে তিনিবাৰ প্ৰাৰ্থনা কৰে।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন