Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দানি 2:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেয়ে এই আজ্ঞা প্ৰচাৰিত হ’ল। জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ধৰিলে; তেওঁলোকে দানিয়েল আৰু তেওঁৰ বন্ধুসকলকো বধ কৰিবলৈ বিচাৰি ফুৰিলে।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?

অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।

এই সকলোৰে সৈতে ৰজাই বাবিলৰ জ্ঞানীলোক সকলক বধ কৰিবলৈ নিযুক্ত কৰা অৰিয়োকক দানিয়েলে চাবলৈ গ’ল। তেওঁ গৈ, তেওঁক ক’লে, “বাবিলৰ জ্ঞানীলোক সকলক বধ নকৰিব। ৰজাৰ আগলৈ মোক নিৰাপত্তা দি লৈ যাওক, আৰু মই ৰজাক সপোনৰ ফলিতা ক’ম।”

ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক বধ কৰিছিল, আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল, আৰু যি সকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন