Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



দানি 11:43

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবীয়া আৰু কুচীয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব।

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

তেওঁ বাৰশ ৰথ আৰু ষাঠী হাজাৰ অশ্বাৰোহী লগত লৈ আহিছিল৷ তেওঁৰ লগত মিচৰৰ পৰা লুবীয়া, চুক্কীয়া আৰু কুচীয়া লোকসকল অসংখ্যৰূপে আহিছিল।

ফৌৰণ, আপোনাৰ সকলো দাস সকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল।

তেওঁলোকৰ লগত পাৰস্য, কুচ আৰু পূট আছে; তেওঁলোক আটাইবোৰ ঢাল লোৱা, আৰু শিৰোৰক্ষক টুপি পিন্ধা।

তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্রয়োগ কৰিব, আৰু মিচৰ দেশখনেও ৰক্ষা নাপাব।

পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে ওলাই যাব।

কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল।

বাৰাকে জবূলূন আৰু নপ্তালী বংশৰ লোক সমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন