দানি 11:16ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব। অধ্যায়টো চাওক |
ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক বধ কৰিছিল, আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল, আৰু যি সকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল।
মই ছাগলীটোক মেৰ-ছাগটোৰ ওচৰলৈ অহা দেখিলোঁ। তাৰ মেৰ-ছাগটোৰ ওপৰত অতিশয় খং উঠিছিল, আৰু সি মেৰ-ছাগক খুন্দা মাৰি তাৰ শিং দুটা ভাঙি দিলে। তাৰ আগত থিয় হৈ থাকিবলৈ সেই মেৰ-ছাগৰ আৰু শক্তি নাছিল। সেই ছাগলীটোৱে মেৰ-ছাগটোক মাটিত পেলাই ভৰিৰে গচকিলে, সেই ঠাইত ছাগলীটোৰ হাতৰ পৰা ভেড়াটোক উদ্ধাৰ কৰিব পৰা কোনো নাছিল।