Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



জখ 7:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু যেতিয়া তোমালোকে ভোজন-পান কৰিছিলা, তেতিয়া তোমালোকে নিজৰ নিজৰ কাৰণে ভোজন-পান কৰা নাছিলা নে?

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

সেই দিনা অতি আনন্দেৰে যিহোৱাৰ আগত ভোজন-পান কৰিলে। তেওঁলোকে দায়ূদৰ পুত্ৰ চলোমনক দ্বিতীয়বাৰ ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে শাসনকর্তা হবলৈ তেওঁ অভিষেক কৰিলে। তেওঁলোকে পুৰোহিত হবলৈ চাদোককো যিহোৱাৰ উদ্দেশ্যে অভিষেক কৰিলে।

তুমি মোৰ ওচৰলৈ তোমাৰ মেৰ-ছাগ জাকৰ পৰা এটাও মেৰ-ছাগ হোম বলিৰ বাবে নানিলা; নাইবা তুমি বলিদানৰ দ্বাৰাই মোক সমাদৰ কৰা নাই। নৈবেদ্যেৰে কৰা সেৱাকৰ্ম মই তোমাক কৰোঁৱা নাই, নাইবা ধূপ লগোৱাই তোমাক ক্লান্ত কৰা নাই।

তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।

যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, কিন্তু মই, যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ। এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকক পাপৰ প্ৰতিফল দিম; তেওঁলোক মিচৰলৈ উলটি যাব।

তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে দ্ৰাক্ষাৰসৰ পানীয় নৈবেদ্য ঢালিবলৈ নাপাব; তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব; তেনে বলিদানবোৰ শোকার্ত লোকসকলৰ আহাৰৰ নিচিনা হ’ব; সেইবোৰ যিসকলে খাব, তেওঁলোক সকলো অশুচি হ’ব; কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণেই হব, কিন্তু যিহোৱাৰ গৃহলৈ নাহিব।

“তুমি দেশৰ সকলো লোকসকলক আৰু পুৰোহিতসকলক এই কথা কোৱা, ‘যেতিয়া তোমালোকে যি পঞ্চম আৰু সপ্তম মাহত ব্ৰত আৰু শোক কৰিছিলা, তেতিয়া তোমালোকে সেই সত্তৰ বছৰত, মোৰে উদ্দেশ্যে প্রকৃততে ব্ৰত কৰিছিলা নে?

এই কথাই পূৰ্বকালৰ ভাববাদীসকলৰ দ্বাৰাই যিহোৱাই ঘোষণা কৰি কোৱা সেই বাক্য নহয়নে, যি কালত যিৰূচালেম আৰু তাৰ চাৰিওফালে উন্নত অৱস্থাত থকা নগৰবোৰ আৰু তাৰে সৈতে দক্ষিণ অঞ্চল আৰু পশ্চিমাঞ্চলৰ নিম্নভুমিত তোমালোকে বাস কৰিছিলা’?”

এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।

সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।

আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰ-ছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিব।

আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।

কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন