তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;
আন জীৱিত লোকতকৈ মোৰ অধিক জ্ঞান আছে বুলি যে মোৰ আগত এই বিষয় প্ৰকাশিত হ’ল, এনে নহয়, কিন্তু মহাৰাজে যাতে সপোনৰ ফলিতা, আৰু আপোনাৰ মনৰ গভীৰ চিন্তা আপুনি জানিব পাৰে, সেই বাবে মোলৈ সেই নিগূঢ় বিষয় প্রকাশিত হ’ল।
তেতিয়া মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইবোৰ কি বস্তু?” তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম।”
পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে।
তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “সেই কেইডাল কি, ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
পাছত মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, “হে মোৰ প্ৰভু এইবোৰৰ অর্থ কি?”
পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?