Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



জখ 14:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব;

যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”

“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সেই সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে পঁজা-পৰ্ব্ব হ’ব।

দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।

যিৰূচালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক যিহোৱাই এই মহামাৰীৰে আঘাত কৰিব: ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে তেওঁলোকৰ মাংস ক্ষয় পাব, চকুৰ গাতত তেওঁলোকৰ চকু ক্ষয় পাব আৰু তেওঁলোকৰ মুখত তেওঁলোকৰ জিভা ক্ষয় পাব।

আৰু সেই ছাউনিবোৰত থকা ঘোঁৰা, খছৰ, গাধ আদি সকলো পশুৰ আঘাতবোৰ, সেই আঘাতৰ নিচিনাই হ’ব।

এয়ে মিচৰৰ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন