Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



জখ 12:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মগিদ্দোন সমথলৰ হদদ-ৰিম্মোণত কৰা বিলাপৰ নিচিনাকৈ যিৰূচালেমত সেই দিনা মহা বিলাপ হ’ব।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।

তথাপি যোচিয়াই তেওঁৰ পৰা বিমুখ হ’বলৈ অমান্তি হ’ল৷ তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰিলে৷ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখোৱে কৈছিল, সেই কথা তেওঁ নুশুনিলে; সেই কাৰণে তেওঁ মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ’ল।

তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।

দেশৰ প্ৰত্যেক গোষ্ঠীয়ে বেলেগে বেলেগে বিলাপ কৰিব; দায়ূদ-বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; নাথন বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে বিলাপ কৰিব।

যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।

চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।

পাছত সিহঁতে ইব্ৰী ভাষাত হৰমাগিদ্দোন বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন