Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



চফ 1:4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই যিহূদাৰ বিৰুদ্ধে আৰু যিৰূচালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্রতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম;

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

মই যিৰূচালেমৰ ওপৰত চমৰিয়াৰ বিৰুদ্ধে যি মাপ-জৰী আৰু আহাবৰ বংশৰ বিৰুদ্ধে যি উলম্ব-জৰী ব্যৱহাৰ কৰিছিলোঁ, তাক বিস্তৃত কৰিম। মানুহে যেনেকৈ এখন বাচন মচে আৰু মচা হ’লে, তাক তলমুৱাকৈ উবুৰিয়াই থয়, তেনেকৈয়ে মই যিৰূচালেমক মচি চাফা কৰিম।

ৰাজপ্রাসাদৰ চালত ৰজা আহজৰ ওপৰ কোঁঠালিৰ ওপৰত যিহূদাৰ ৰজাসকলে যি সকলো বেদী নির্মাণ কৰিছিল আৰু যিহোৱাৰ মন্দিৰৰ দুখন চোতালত মনচিয়ে যি বেদীবোৰ নির্মাণ কৰিছিল, ৰজা যোচিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা-টুকুৰ কৰি কিদ্ৰোণ উপত্যকাত পেলাই দিলে।

আৰু তেওঁৰ সাক্ষাতে লোকসকলে বাল দেৱতাৰ যজ্ঞবেদিবোৰ ভাঙি পেলালে; সেইবোৰতকৈ ওখ ঠাইত স্থাপন কৰা সূৰ্য্য-প্ৰতিমাবোৰকো তেওঁ কাটি পেলালে; আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ ভাঙি গুড়ি কৰি, সেইবোৰৰ উদ্দেশ্যে বলিদান কৰাসকলৰ মৈদামৰ ওপৰত সেই ধুলিবোৰ ছটিয়াই পেলালে।

আপুনি আপোনাৰ সোঁ হাত মেলিলে, আৰু পৃথিৱীয়ে তেওঁলোকক গ্ৰাস কৰিলে।

যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা। এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।

তেওঁলোকৰ ঘৰবোৰ, পথাৰবোৰ আৰু তেওঁলোকৰ মহিলাসকলক অন্যক দিয়া যাব। কাৰণ যিহোৱাই কৈছে, মই দেশনিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম।

এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!”

আৰু মই তেওঁলোকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”

চমৰিয়াত বসবাস কৰা লোকসকলে বৈৎ-আবনৰ দামুৰি-মূর্তিৰ কাৰণে ভয়তে কঁপিছে; সেয়ে তাৰ লোকসকলে শোক কৰিব, সেইদৰে, সেই মূর্তিপূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব; কাৰণ সেই মূর্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে।

মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ, আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। তোমালোকৰ নিজৰ হাতৰ কার্যক প্ৰণিপাত কৰি নাথাকিবা;

যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেবীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।

যিহোৱাই উত্তৰ দিশৰ বিৰুদ্ধে হাত মেলি অচূৰক বিনষ্ট কৰিব; নীনবি নগৰক একেবাৰে জনশূণ্য আৰু মৰুভূমিৰ দৰে শুকান ভূমি কৰিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন