হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ; তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।
যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?
মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ; মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ।
হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা; তাতে মই শেষলৈকে তাক পালন কৰিম।
তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে? তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব।
কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।
হে যিহোৱা, মোৰ শত্রুবোৰৰ কাৰণে, তুমি মোক তোমাৰ পথ শিকোৱা; তুমি মোক সমান পথত চলোৱা।
হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে তুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া; তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।
তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ; সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব। যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব।
ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”
যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ চালৰ ওপৰত উঠি প্রণাম কৰে আৰু যিসকলে যিহোৱাৰ উদ্দেশ্যে প্রণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্রণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম।
তেওঁৰ মুখত সত্যতাৰ শিক্ষা আছিল আৰু তেওঁৰ ওঁঠত কোনো অধর্ম পোৱা নাছিলো; তেওঁ শান্তিৰে আৰু সত্যতাৰে মোৰ লগত অহাযোৱা কৰিছিল আৰু অনেকক পাপৰ পৰা ঘূৰাইছিল।
তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।
কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়।
কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷
আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে,
আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছোঁ৷